Old school Easter eggs.
মুখ্য পৃষ্ঠা
14/12/25United States10:49

অন্য এটা বেলি

আকাশৰ বেলিটো চুব নোৱাৰাৰ বেজাৰতে
তেওঁৰ কপালৰ ৰাঙলী বেলিটো
সংগোপনে চুই চালো |

চকুৰ পচাৰতে তেওঁৰ দুচকুৰে জুই নিগৰিল
মোৰ হেনো উজ্জল বেলি চোৱাৰ
অধিকাৰ নাই |

তেওঁ বুজিও নুবুজে ,
সেই বেলি যে আনে আঁকি দিয়ে |
মই জ্বলি মৰিলো
তেওঁ গমকে নাপালে |

© ৰাজু কলিতা

20/02/15